Home Blog Page 30

মই ইয়াকুবে কৈছোঁ

0

আমি মুছলমান
ভুল হয়তো তাতেই
নাম আমাৰ মিঞা,গেদা
কিম্বা ডি ভোটাৰ

আমি ওলাই আহিছো
ৰাজপথলৈ
বিচাৰি মৌলিক অধিকাৰ
তোমালোক বৰ বৰ নেতাই
ৰাজনীতিৰ ষড়যন্ত্ৰৰে খৰ্ব কৰি
আমাৰ অধিকাৰ
জপিয়াই পৰিছা
ৰাং কুকুৰৰ দৰে

আমি কি…?
নাই নেকি আমাৰ স্থান
মানুহৰ মাজত
তোমালোকৰ চকুত আমি
জাতিৰ বোজা

মাহিআইৰ চকুৰে চোৱা
আমিবোৰ দুৰ্ভগীয়া জনতা
আমাৰ তেজৰ ফাঁকু খেলি
তোমালোকৰ বন্য উল্লাস

প্ৰতিবাদত উত্তাল ৰাজপথত
জধে মধে লাঠিৰ কোব
মুখ মেলিলেই গুলিবৰ্ষণ
বুকু ভেদি পাৰ হ’ল
গুৰুম…গুৰুম…
দুই জাই গুলি

আস্…….
ঢলি পৰিল মোৰ নিথৰ দেহ
নেতা পালিনেতাৰ পোহনীয়া কুকুৰবোৰে
মোক নিৰীক্ষণ কৰি নিষ্ঠুৰ ভাবে
উঠাই লৈ গ’ল

ৰাজপথত বৈ গ’ল মোৰ
এটুপি দুটুপিকৈ সাঁচি থোৱা
তেজৰ নৈ

সিহঁতৰ মুখত বিজয়ৰ হাঁহি
ঘৰত মোৰ পোনাহঁতৰ
কান্দোনৰ ৰোল

বোপাইটো হেৰাল
আইজনীৰ পৰিচয় হ’ল
বগাসাজযোৰ

মই ইয়াকুব
হেৰাল মোৰ আত্মা
কিন্তু নাম …….?
সদায় থাকিব
জিলিকি থাকিব
শ শ জনতাৰ মাজত

মই বুকু পাতি লৈছোঁ
বন্দুকৰ গুলি
জয়ী হৈছোঁ
অন্যায়ৰ বিৰূদ্ধে

মই মাত মাতিছোঁ
অধিকাৰৰ হকে
মই আজিও জীয়াই আছোঁ
তোমালোকৰ মাজত

জাগা ভাইহঁত জাগা
মোৰ অপূৰ্ণ সপোনৰ
তোমালোকে দিবা পূৰ্ণতাৰ ৰূপ
তেহে সাৰ্থক হ’ব মোৰ বলিদান
তোমালোকে কাণ পাতি শুনা
মই ইয়াকুবে কৈছোঁ……!!!
written by  sahida Begum

য়াকুব গ’লগৈঃ এৰি থৈ গ’ল কেবাটাও প্ৰশ্ন

0

Posted by ☞জমিৰউদ্দিন তালুকদাৰ
২ জুলাই, ২০১৭-দেউতাৰ অসম পুলিচত চাকৰি আছিল ৷ সেয়ে জানো খাকী পোছাকৰ আঁৰৰ যন্ত্ৰণা, সমস্যা, সীমাৱদ্ধতা, দায়ৱদ্ধতা ৷ পুলিচৰ ঘৰৰ সন্তান হিচাপে পুলিচৰ প্ৰতি জন্মগত এক শ্ৰদ্ধা আৰু সমীহ ভাৱ আছে ৷ এনেই চমু জীৱনত আৰক্ষী বিভাগৰ কনিষ্টবলৰ পৰা বহু কেই গৰাকী শীৰ্ষ আই পি এছ, এ পি এছ বিষয়াৰ সান্নিধ্য লাভৰ সুযোগ হৈছে ৷ বহুতৰ মৰম, চেনেহে মনত সাঁচ বহুৱাই থৈ গৈছে ৷

এতিয়া আহো গোৱালপাৰাৰ ঘটনালৈ ৷ এই কেইদিন সামাজিক মাধ্যম ফেচবুক, ৱাটচএপ আদিত গোৱালপাৰাৰ ঘটনালৈ সৰৱ আলোচনা চলিছে ৷ সংবাদ মাধ্যমতো এই ঘটনাই ব্যাপক প্ৰচাৰ লাভ কৰিছে ৷ বহুতে গোৱালপাৰা কাণ্ডৰ বাবে প্ৰতিবাদকাৰীৰ উচৃংশল আচৰণক দোষী কৰিছে ৷ সেই অভিযোগত নজৰুল ইছলাম নামৰ এগৰাকী অধিবক্তাক গ্ৰেপ্তাৰ কৰা হৈছে ৷  অধিবক্তা গৰাকী দোষী নে নিৰ্দোষী সেয়া আইন-আদালতে নিৰ্ণয় কৰিব ৷ যিহেতুকে ইতিমধ্যে অধিবক্তা গৰাকী আটক হৈছে আৰু তদন্তও চলি আছে ৷

আন্দোলনকাৰীক উচটাইচিল কোনে  ? সামাজিক মাধ্যমত ইতিমধ্যে ব্যাপক হাৰত ভাইৰেল হোৱা এটা ভিজুৱেলে ঘটনাৰ বহু সাক্ষ্য বহন কৰি আছে ৷ মই নিজে ফেচবুকত পোষ্ট কৰা ভিডিঅটো প্ৰায় ৩৫ হাজাৰ মানুহে চাইছে ৷ পাঁচশৰো অধিক লোকে শ্বেয়াৰ কৰিছে ৷ সেই ভিজুৱেলে কিন্তু বেলেগ কথা কয় ৷ আন্দোলনকাৰীক প্ৰথমে উচটাইছিল গোৱালপাৰা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ ৰয়ে ৷ প্ৰতিবাদকাৰীলৈ গুলি চলাইছিল এজন কনিষ্টবলে ৷ সেই সকলৰ বিৰুদ্ধে এতিয়া লৈকে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰাত আচৰিত হৈছো ৷ সিদিনা দুই আঢ়ৈশ লোকে এটা প্ৰতিবাদী মিছিল উলিয়াইছিল ৷ মিছিলৰ অনুমতি আছিল নে নাই সেয়া বেলেগ কথা ৷ যদি নাছিল সেই সকলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়ানুসৰি গোচৰ ৰুজু কৰিব পাৰে ৷ কিন্তু তাকে নকৰি আৰক্ষী বিষয়া গৰাকীয়ে প্ৰতিবাদী মানুহৰ হাতৰৰ পৰা বেনাৰ-পোষ্টাৰ কাঢ়ি লৈ যাব  লগতে আমি সমাজত সন্মানৰ শীৰ্ষস্থানত ৰখা এগৰাকী বৃদ্ধৰ ওপৰত দানৱৰ দৰে জপিয়াই পৰিব ৷ তাতে শেষ নহয়, এই লোকসকলক উত্তেজিত কৰাৰ বাবে আৰক্ষী আৰু চিআৰপিএফে এক বেৰিকেড প্ৰস্তুত কৰি ইয়াৰে এটা যুৱকৰ দলক ৰেল লাইনৰ কাষত আৱদ্ধ কৰি ৰাখে ৷ (উৎসঃ দৈনিক গণ অধিকাৰ ২ জুলাই, ২০১৭) এই সকল আৰক্ষী আৰু পুলিচৰ লোকৰ বিৰুদ্ধে বিচাৰ নহলে সাধাৰণ মানুহৰ আইনৰ প্ৰতি আস্থা কমিব ৷ যিটো দুৰ্ভাগ্যজনক হ’ব ৷

আমি সাধাৰণতে গাড়ীৰে যাতায়াতৰ সময়ত কোনো বৃদ্ধ লোকক গাড়ীত থিয় হোৱা দেখিলে নিজৰ আসন এৰি তেনে লোকক বহিবলৈ দিওঁ ৷ ৰাস্তাত দেখিলে চাইকেলৰ পৰা নামি শ্ৰদ্ধা জনাওঁ ৷ সভা-সমিতিত এই সকলক আগৰ আসনত বহিবলৈ দিয়া হয় ৷ তেনে বয়সৰ লোকক গোৱালপাৰা আৰক্ষী বিষয়া গৰাকীৰ বৰ্বতাপূৰ্ণ আচৰণ দেখি আচৰিত হৈছো ৷ কৰবাত আমাৰ সামাজিক মূল্যবোধৰ অৱক্ষয় ঘটা নাইতো ? লগতে এনে লোকৰ বিৰুদ্ধে আৰক্ষীৰ মনত ঘৃণাৰ ভাৱ সোমোৱাই দিয়া হৈছে নেকি যিটো কাৰকে তেনেভাৱে বৰ্বৰ কৰি তুলিলে গোৱালপাৰাৰ পুলিচক  ?

আৰক্ষী জিন্দাবাদ  ! গোৱালপাৰাৰ ঘটনাৰ পিছত বহুতে আৰক্ষী জিন্দাবাদ দিছে ৷ মোৰ কথা হ’ল তাতে জিন্দাবাদ-মুৰ্দাবাদ আহিল কৰ পৰা ? গোৱালপাৰাত পুলিছৰ গুলিত এজন মুছলিম যুৱকৰ মৃত্যু হৈছে ৷ সেই বুলি একাংশ হিন্দু উৎফুল্লিত হোৱাৰ কাৰণ বুজি নাপালো ৷ পুলিচৰ গুলিত ৰহাত এইমচৰ বাবে আন্দোলন কৰিবলৈ আহি এগৰাকী হিন্দু যুৱক নিহত হৈছিল ৷ অসম আন্দোলনত অধিকাংশ চহিদ হৈছিল পুলিছৰ গুলিত ৷ তাতে জিন্দাবাদ-মুৰ্দাবাদ কিহৰ  ? এনে পৈশাচিক মানসিকতাই সামাজিক মেৰু বিভাজন কৰিব ৷ যিটো আমাৰ বাবে শুভ নহয় ৷

গোৱালপাৰাৰ ছহিদ য়াকুব  ? যোৱা ৩০ জুনত গোৱালপাৰাত প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ গুলিত নিহত হোৱা ইয়াকুব আলী (বয়স ২৫ বছৰ) পিতা ছামছুল হক, গাওঁ: খুটামাৰী, কুমৰি
থানা :- গোৱালপাৰা ৷

                      
য়াকুব দুই সন্তানৰ পিতৃ ৷ মৰ্মান্তিক ঘটনাটো হ’ল য়াকুবৰ ককায়েক এবছৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ ককায়েকে দুটি সন্তান সহ পত্নীক এৰি থৈ যায় ৷ গোৱালপাৰাত নিহত য়াকুবে বিধৱা বৌৱেকক বিয়া পাতে ৷ বিয়াৰ ছমাহ মান হৈছে ৷ নিষ্ঠুৰ নিয়তিয়ে য়াকুবকো লৈ গল ৷ পুনৰ বাৰ বিধৱা হল সেই মহিলা গৰাকী ৷ নিঠৰুৱা হল সন্তান দুয়োটা ৷ সমাজ আৰু ৰাষ্ট্ৰৰ ওচৰত য়াকুবে থৈ গল কেবাটাও প্ৰশ্ন ৷ উত্তৰবোৰ আমি বহুতৰ হাতত নাই ৷ আনকি ৰাষ্ট্ৰয়ো দিব নোৱাৰিব ৷ সকলোৱে মাত্ৰ মূক হৈ চাই থাকিম ৷ য়াকবুৰ আত্মাই শান্তি লাভ কৰক ৷ পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলো ৷

বৰষুণত তিতি ভালপোৱা ছোৱালী জনী

0

ভাল লগা আবেলি এটাত
তোমাৰ লগত চিনাকী হৈছিলো
এটি বন্ধুত্বৰ এনাজৰীৰে,

তুমি তিতি ভালপোৱা বসন্তৰ আবেলিটোত
মোৰ বৰকৈ হিংসা হৈছিল
বসন্তৰ প্ৰেমৰ বৰষুণজাকলৈ,

তোমাৰ কাজল সনা চকু দুটিক তিয়াই তোমাৰ দুচকুৰ কাজল কৰিছিল বৰনহীন,

তোমাৰ মেঘালি চুলি তিয়াই ধুই নিছিল
মই নীৰৱে চাই ৰৈছিলো
বৰষুণ জাকৰ স্পৰ্শ বোৰ।

যেতিয়া তুমি বৰষুণত তিতা
তোমাৰ দুচকুত ফুটি উঠে তোমাৰ প্ৰেমৰ নদী খনি…..

মই বৈ যাবলৈ খোজো সেই প্ৰেম নদীৰ গভীৰতালৈ।।

 

মন যায় সপোনত তোমাক এবাৰ সাবটি লবলৈ,
মন যায় তোমাৰ ফুলি থকা ৰঙা গাল দুখনি চুই চাবলৈ,

কনমানি হৃদয় খনে কপি কপি কব খোজে
তুমিয়েই মোৰ সপোনৰ কুঁৱৰীজনী।

বৰষুণত তিতি ভালপোৱা ছোৱালী জনী,
বৰষুণৰ আবেলি এটাত তুমি আহিবা নৈ পাৰলৈ
মই ৰৈ থাকিম বৰষুণেৰে আৱৰা বেলি ডুবা আবেলিটিত
আমি দুয়ো মিলি যাম অসীম দিগন্তৰ ঠিকনা বিচাৰি…..
✍ _বৰা অনন্ত

তিনিআলিৰ আদ্দাত_ ব্যৰ্থ প্ৰেমিক নষ্ট কবি মই_

0

উদুলি মুদুলি সিদিনা গধূলি
তোমাৰ বিয়াৰ ৰভা আৰু পদূলি
আজিও মোৰ হৃদয়ত প্ৰতিধ্বনি
নিয়তি পখীৰ উৰুলী
কইনাৰ সাজেৰে গৰকীলি আনৰ পীৰালী

এতিয়া এটি এটি চিগাৰেটৰ সৈতে
দুখবোৰ দিছোঁ জ্বলাই
হম্ হমাকৈ কলিজাখনো পুৰিছে
দেহৰ সীৰা উপসীৰাই ফুলিছে
বিষাদ নামৰে হাজাৰ পাহী খৰিকাজাঁই ……….

তই বুঢ়ীদিহিঙৰ দৰে ব’য় আছিলি
পাগলাদিয়া হৈ
ডাহিমুহি উটুৱাই লৈ গলি
সাঁচি ৰখা আলফুলীয়া আলসুৱা আশা…….।

✍ বিষ্ণু দিৰৈপৰীয়া

ব্যৰ্থ প্ৰেমিক নষ্ট কবি মই_

0

তিনিআলিৰ আদ্দাত_

 

উদুলি মুদুলি সিদিনা গধূলি
তোমাৰ বিয়াৰ ৰভা আৰু পদূলি
আজিও মোৰ হৃদয়ত প্ৰতিধ্বনি
নিয়তি পখীৰ উৰুলী
কইনাৰ সাজেৰে গৰকীলি আনৰ পীৰালী

এতিয়া এটি এটি চিগাৰেটৰ সৈতে
দুখবোৰ দিছোঁ জ্বলাই
হম্ হমাকৈ কলিজাখনো পুৰিছে
দেহৰ সীৰা উপসীৰাই ফুলিছে
বিষাদ নামৰে হাজাৰ পাহী খৰিকাজাঁই ……….

তই বুঢ়ীদিহিঙৰ দৰে ব’য় আছিলি
পাগলাদিয়া হৈ
ডাহিমুহি উটুৱাই লৈ গলি
সাঁচি ৰখা আলফুলীয়া আলসুৱা আশা…….।

হেৰোৱা বেদনা —————

0

মনি আৰু আৰুচ দুয়োৰ মাজত নৱম মান শ্রেনী পৰা চিনাকি | আৰুচে শিক্ষা গ্রহন কৰিছিল পশচীম ৰঙামাটি উচচতৰ মাঃ বিদালয়ত মনি ছিপাঝাৰ উঃ মাঃ বিদালয়ত |
আৰুচ আছিল এজন ফুতবল খেলুবৈ লগতে বিদালয়ৰ টিমৰ অধিনায়ক তেওঁ বিদালয়ৰ হৈ খেলিব যাওতে মনিক লগ পাইছিল আৰু আৰু খেলৰ পাৰদৰক্ষিতা দেখি মনি আৰুচ লগত চিনাকি হৈছিল | তেতিয়া পৰা সিহতৰ মাজত ভাল সপ্ম্রক আছিল আৰু দুয়ো মেট্রীক পাচ কৰিলে | লাহে লাহে সিহতৰ মাজত প্রেম ভাব জাগি উঠিছিল প্রেমৰ গভিৰতা বেচি হল |
কিন্তুু আৰুচ আছিল সাধৰন ঘৰৰ লৰা আৰু মনি বাপেকে আৰ্মিত কাম কৰে | মনিৰ মাকে আৰুচক বহুত ভাল পাইছিল | কিন্তুু বাপেকে সম্প্রক তো মানি লব নোৱাৰো বুলি | কৈছিল ইফালে মনি আৰু আৰুচ গভিৰ প্রেমত কোনেও কাকো এৰিব নোৱাৰে দুয়োৰে তেতিয়া উচচ শিক্ষা ফলাফলৰ সময় তেনে আবস্থাত মনিৰ বিয়াৰ আলোচনা আৰম্ভ হল দুয়ো বহুুত চিন্তাত পৰিল আৰু কেই দিন মান পিচেত মনিৰ বিয়া ঠিক হল আৰু মনিৰ বপেকে আৰুচ ক কলে যেন সি মনিৰ লগত কোনো সম্প্রক নাৰাখে কোনোবাই জানো তেনেকে মৰম পাহৰিব পাৰে সিহত আবশ্ঠা একে বাৰে বেয়া হল আৰু দুয়ো সিধান্ত ললে দুয়ো পলায় যাব কিন্তুু তাতো সম্ভ্রব নহল কাৰন আৰুচৰ মাক বেমাৰত পৰিল সি এতিয়া মাকক এৰিব নোৱাৰে মনিকো এৰিব নোৱাৰে মাকৰ বেমাৰ ভাল হোৱাত সি কথাতো মাকক কলে মাকে আৰুচক বহুতে মৰম কৰিছিল কাৰন তাৰ ঘৰত সি আৰু তাৰ ভন্তি আছিল মাক বাপেক দুয়ো কথাতো ভাবি চাই তাক আনিব কলে | তেতিয়া সি অলপ সকাস পাইছিল | কিন্তুু
মনি ৰ বিয়া লৈ মাত্র বিচ দিন হে বাকি আছিল | সিদিনা ৰাতি মনি ফোন কৰিছিল আৰু কৈছিল তুমি কি ভাবিচা তেতিয়া আৰুচ মনে মনে আছিল মনি কৈছিল কি হল সি কলে যে তুমি মোক পাহৰি যোৱা মই তোমাৰ নহয় | মনি আভাস হৈ কি বুলি কৈ তাই মূচ্চা গৈছিল | আৰুচে ফোন ৰাখি বিচনাত পৰিল কিন্তুু টোপনি নাহিল | এক বজাত এটা অচিনাকি নাম্বাত ফোন আহিল আৰু আৰুচে ৰিচিভ কৰিলে মনিৰ মাকৰ মাত মনি হস্পিতালত আছে সি একে জাপে উঠিল আৰু ওলাই গল | গৈ দেখে মনি মাত বোল নাই ৰাতি পূবা হল মাত নাই মাথো চাই থাকে আৰুচ ক দেখি মনি হাত আগবঢাই দিলে আৰু আৰুচ ক তানি নি কিবা কব শুজিলে কিন্তুু নোৱাৰিলে | ৰাতি পুৱা মনিৰ বাপেকে ফোন কৰিলে কথা শুনি আৰুচ ক ফোন দিব কলে আৰুচে ফোন ললে | বপেকে আৰুচ বহুত বেয়া কৈ কলে আৰু আতৰি যাব কলে , সি আতৰি নাহিল পিছ দিনা বাপেক আহি পোৱা কথা তো সি গম পালে | কিন্তুু সি মনিক এৰি নাহিল বপেক আহি তাক দেখি খংত দু চৰ দিলে আৰু বাহিৰ কৰি দিলে | মনি ভাল হল কিন্তুু তাইৰ খবৰ একো নাপালে | বিয়া আগৰ দিনা এটা ফোন আহিল তাইৰ বপেকৰ | আৰু সি ভয় ভয় কৈ ৰিচিপ কৰিলে মনিয়ে ফোন কৰিছিল তাই কলে ৰাতি পালাই জাম নিবানে সি হব বুলি কলে ৰাতি হল সি গল তাই আহিল তেনেতে বাপেক আহি পালে সিহতৰ বততে আৰু তাইক লৈ গল সিও গল | বাপেকে কলে যি হল হল এতিয়া সকলো বাদ দিয়া মই আৰুচ ক এজনী ভাল ছোৱালী চাই দিম | সি খং ৰঙা হল আৰু বাপেকৰ আগত কলে মনি অবিহনে পৃথিবী আন্ধাৰ মই মনিক পাহৰি জাম কিন্তুু আপোনাক পাহৰিব নোৱাৰো বুলি ওলাই আহিল | বিয়া দিনা আৰুচে টোপনি যোৱা ঔখধ খাই শুই থাকিল | কেই দিন পিছত সি ঘৰৰ এৰি কৰবাত গল | এদিন দুদিন কৰি এ বছৰ হল | সি ঘৰৰ ত আহিল আহি মনিৰ খবৰ ললে গম পালে যে মনি নিজৰ ঘৰত থাকে গিৰিয়েকে নিচা সেবন কৰি ঘৰৰ আহে সদায় তাইক মাৰ পিত কৰে বাবে তাইক ঘৰৰ মানুহে লৈ আহিছে | এতিয়া আৰুচে তাইক পাহৰা নাই কিন্তুু তাইৰ কথা ভাবিব নোৱাৰে কাৰন মাক বাপেকে মানি নলয় হেৰোৱা বেদানাৰ বুকুত একুৰা জূই লৈ জিয়াই আছে ||
✍আৰুচ ৰোমিয়

এখন হৃদয়ৰ বিজ্ঞাপন

0

এখন হৃদয় ৰৈ আছে
এজাক ধুমুহাৰ অপেক্ষাত |
এধানি নীলা বেদনা লবৰ বাবে
পোৱা নোপোৱাৰ দোমোজাত পাৰিবনে|
কিছু দিবলৈ , কিছু লবলৈ
প্রতিশ্রুতি বিশ্বাস মৰম ভালপোৱা |
এখন হৃদয় ৰৈ আছে
এমুঠি জোনাকৰ অপেক্ষাত
সেউজিয়া হোৱাৰ সপোন পুৰাবলৈ|
এজাক বৰষুনৰ অপেক্ষাত
কবলে হৃদয়ৰ গোপন কথা |
এচমকা পোহৰৰ আশাত
হাঁহিবোৰ ভাগ-বতৰা কৰিবলৈ
এখন হৃদয়ৰ অপেক্ষাত
এবুকু সপোনৰ বাবে
আছেনে কোনোবা আছেনে ||
✍🏻 আৰুচ ৰোমিয়

শ্ৰমিক (গল্প)

0

আজি শ্ৰমিক দিৱস সেয়ে অফিচ বন্ধ। সদায় ৰাতিপুৱা ৬ টা বজাত টোপনিৰ পৰা উঠো, কিন্তু আজি এক ঘণ্টা দেৰিকৈ উঠিলো। টোপনিৰ পৰা উঠি ফ্ৰেশ্ব হৈ নিজেই ব্ৰেকফাষ্ট ৰেডী কৰিব গ’লো। ব্ৰেকফাষ্ট বনোৱা তো এতিয়া একেবাৰে সহজ! দোকানত ৰেডিমেড ৰুটি পোৱা যায়, ভাজিব লাগে মাথোঁ। ব্ৰেকফাষ্ট ৰেডী নহওঁতেই তাই টোপনিৰ পৰা সাৰ পালে…(তাই মানে মোৰ পত্নী)। পাকঘৰত সোমাই মোক ব্ৰেকফাষ্ট বনাই থকা দেখি চকুকেইটা ৰঙা কৰি এনেকৈ চালে যেন মোক খাই দিব।
— তুমি ব্ৰেকফাষ্ট বনাই আছা?
মই হাঁহি হাঁহি ক’লো
— পেটত বহুত ভোক লাগি আছিল। তুমি টোপনি মাৰি আছিলা সেয়ে তোমাক মাতা নাই।
— টোপনি মাৰি আছিলো তাতে কি হ’ল? মাতি দিব পৰা নাই ?
— ইমান খং কৰিছা কিয়?
— পত্নী জীয়াই থাকোঁতে স্বামীয়ে ৰন্ধা বঢ়া কাম কৰিব, এইটো মই কেতিয়াও মানি ল’ব নোৱাৰোঁ। মই মৰিলে তাৰপিছত নিজৰ ইচ্ছামতে ৰন্ধা বঢ়া কৰিবা।
— কি যে নহয়! যি মুখত আহিছে তাকে বলকি আছা! আজি শ্ৰমিক দিৱস সেয়ে ভাবিলোঁ তোমাক অলপ সহায় কৰোঁ।
— তোমাৰ গাৰ ৰং এনেওঁ ক’লা! দেখি এনেকুৱা লাগে যেন ‘কয়লা শ্ৰমিক।’ জুইৰ ওচৰত গ’লে তো আৰু ক’লা হ’বা।
— হাঃ হাঃ হাঃ…. কি যে কোৱা নহয় তুমি। যোৱাচোন… ফ্ৰেশ্ব হৈ আহা, একেলগে ব্ৰেকফাষ্ট কৰিম।
ব্ৰেকফাষ্ট কৰি এবাৰ ফেচবুক লগ-ইন কৰিলোঁ। হোমপেজ স্ক্রল কৰি কৰি দেখিলো মোৰ স্ত্ৰীৰ ষ্টেটাচ। খুব আৱেগপূৰ্ণভাৱে লিখিছে তাই… “‘শ্ৰমিক দিৱস’ বুলিবলৈ ছোৱালীবোৰৰ জীৱনত একো নাই। ঘৰ-বাৰী অপৰিস্কাৰ হৈ আছে… তাকে চাফ চিকুণ কৰি শ্ৰমিক দিৱস পালন কৰিম 🙁 ”
ষ্টেটাছটোৰ তলত কেইটামান ল’ৰাই খুব দুঃখীত ভঙ্গীৰে কমেন্ট কৰিছে। তাকে দেখি মোৰ মন বেয়া হৈ গ’ল। বেলেগৰ পত্নীৰ ষ্টেটাচত কমেন্ট দিবলৈ সিহঁতৰ কি লাজ নালাগে? যিয়েই নহওঁক…. মই ফেচবুক লগ-আউট কৰি বাৰান্দাত গৈ এটা চিগাৰেট জ্বলালো। মনটো কিয় জানো অস্থিৰ লাগি আছিল, পত্নীৰ দুখ অনুধাৱন কৰিবলৈ চেষ্টা কৰিলোঁ। চিগাৰেট শেষ কৰি ঘৰত সোমাই তাইৰ পৰা কিছু নিৰাপদ দূৰত্ব বজাই থিয় হ’লো, যিমানখিনি দূৰত থাকিলে মোৰ নিঃশ্বাসত লাগি চিগাৰেটৰ গোন্ধ তাইৰ নাকত নালাগে। মই হাঁহি মুখেৰে ক’লো
— মোৰ এতিয়া কিবা এটা কৰিবলৈ মন গৈছে।
তাই মোৰ কথাত কোনো আগ্ৰহ নেদেখুৱাই ক’লে
— তোমাৰ কি কৰিবলৈ মন গৈছে মই জানো।
— কেনেকৈ জানিলা?
— তোমাৰ চকু মুখ দেখি বুজিব পাৰি। সদায় মূৰত কিবা এটা কৰিবলৈ খেলি থাকে। পুৱা, আবেলি, সন্ধিয়া, ৰাতি…. যেতিয়া-তেতিয়া তোমাৰ কিবাটো কৰিবলৈ মন গৈ থাকে।
— আৰে… তুমি যিটো ভাবিছা সেইটো নহয়। মোৰ বেলেগ কিবা এটা কৰিবলৈ মন গৈছে।
— বেলেগ কিবা? কি হয়নো? কোৱাচোন বাৰু।
— মোৰ আজি ঘৰ চাফা কৰিবলৈ মন গৈছে। YouTubeত দেখোঁ মাজে-সময়ে ঘৰ চাফা কৰাৰ ভিডিঅ, বহুত মন যায়, কিন্তু লাজত নকওঁ।
— হাউ চুইট …..।
তাইৰ গোটেই চেহেৰাত এটা হাঁহি বিৰিঙি উঠিল…. হাঁহি হাঁহি ক’লে
— ৰ’বা মই তোমাক সহায় কৰোঁ…! ৱাশ্বৰুমৰ পৰা বাল্টিং দি পানী আনি দিওঁ… ৱেইট হা।
মই ঘৰ মচি মচি এটা বস্তু আৱিষ্কাৰ কৰিলোঁ। আগতে কিয় জানো লাগিছিল ঘৰখন সৰু। আজি মই ঘৰ মচি মচি আৱিষ্কাৰ কৰিলোঁ, ঘৰখন নিয়মতকৈ চাগে বহুত ডাঙৰ। লাহে-লাহে ভোৰভোৰাবলৈ ধৰিলোঁ..” ঘৰখন ইমান ডাঙৰ কিয়, কিয়নো ইমান ডাঙৰ?”
“ঘৰখন ইমান ডাঙৰ কিয়, কিয়নো ইমান ডাঙৰ …. বুলি কওঁতে কওঁতে কেনেকুৱা জানো এটা ৰিদম ক্ৰিয়েট হৈ গ’ল। মই ৰিদম গাই গাই ঘৰ মচি থাকিলো…। ওজন কিবা বস্তু তুলিবলৈ শ্ৰমিক সকলে এনেকুৱা ৰিদম ক্ৰিয়েট কৰে, “দিয়াচোন ঠেলি …. হেইয়াহ। আৰু অলপ… হেইয়াহ।”
সম্পূৰ্ণ ঘৰ মচি শুৱনি কোঠাত সোমাওঁতেই তাই ক’লে
— অৱশেষত তোমাৰ ইচ্ছাটো পূৰ্ণ হ’ল। এতিয়া সুখী তো?
মই চকী এখনত বহি অলপ ভাগৰুৱা কণ্ঠেৰে ক’লো
— হুম একদম! বহুত সুখী।
মই সুখী হোৱা শুনি তাই হয়তো আৰু সুখী হ’ল। তাই অলপ আগুৱাই আহি মোক ক’লে
— তোমাৰ এতিয়া যদি বেলেগ কিবা কৰিবলৈ মন গৈছে, তেন্তে ক’ব পাৰা।
ঘৰ মুচাৰ পিছত বেলেগ কিবা কৰাটো সম্ভৱ নে অসম্ভৱ সেইটো ভাবি ভাবি ক’লো
— পাছত… এতিয়া নহয়। আজান দিছে শুনা নাইনে? কিহৰ মাজত কি কৈছা?
তাই অলপ আচৰিত হোৱা দি ক’লে
— অ… চৰী! ধ্যান নাছিল। ঠিক আছে তেন্তে তুমি ৰেষ্ট কৰা, মই গা ধুই আহোঁ।
তাই গা ধুব গ’ল..! মই নীৰৱ হৈ বহি আছিলোঁ। গা ধুই আহি তাই আইনাৰ সন্মুখত থিয় হৈ চুলি আঁচুৰিবলৈ আৰম্ভ কৰিলে। এক মিনিট …. দুই মিনিট …. তিনি মিনিট …. এনেকৈ আধা ঘণ্টা তাই নিজৰ চুলি আঁচুৰিলে। আধা ঘণ্টাতকৈ অধিক সময় চুলি আঁচুৰাৰ কাৰণে ঈশ্বৰে হয়তো তাইক কিবা নহয় কিবা এটা পুৰস্কাৰেৰে পুৰস্কৃত কৰিব। আহ… কি যে ধৈৰ্য ছোৱালীজনীৰ। চুলি আঁচোৰা শেষ কৰি হাতত লোশ্বন সানিবলৈ আৰম্ভ কৰিলে। গৰমৰ দিনত তাই লোশ্বন কিয় লগায়? মাজে-সময়ে তাইক এই প্ৰশ্নটো সুধিবলৈ মন যায়। লোশ্বন সানি সানি তাই হঠাৎ কৈ উঠিল
— আহ্…. শ্বিট …. শ্বিট… শ্বিট।
মই সুধিলো
— কি হ’ল? শ্বিট শ্বিট কৰি আছা কিয়?
— আজিকালি মোৰ কি যে হৈছে নহয়! সকলো পাহৰি যাওঁ।
— হৈছে কি? কোৱাচোন।
— কেইটামান কাপোৰ তিয়াই থৈছিলো। ভাবিছিলোঁ গা ধোৱা সময়ত ধুম, কিন্তু পাহৰি গ’লো! এতিয়া মনত পৰিছে।
— এইটোক লৈ ইমান চিন্তা কৰিব নালাগে। মইতো এতিয়া গা ধুব যাম, ধুই মেলি দিম।
— বাথৰুমত সোমাই মোৰ চকু কপালত উঠি গ’ল। পূৰা এক বাল্টিং কাপোৰ। এটা দীৰ্ঘশ্বাস এৰি কাপোৰ ধুবলৈ আৰম্ভ কৰিলোঁ! আৰু ঘৰ মুচাৰ সময়ত যেনেকৈ ৰিদমৰ সুৰত ঘৰ মুচিছিলো, ঠিক তেনেকুৱা এটা ৰিদম ক্ৰিয়েট কৰিলোঁ। কিন্তু শব্দবোৰ বেলেগ – “কাপোৰ ধুব নাজানিলে মূৰৰ বিষ উঠে…. মূৰৰ বিষ উঠে।” ৰিদম গাই গাই কাপোৰ খিনি ধুই পেলালো মাত্ৰ দুঘণ্টাৰ ভিতৰত। কাপোৰ ধুই থকা সময়ত আধাখিনি গা ধোৱা হৈ গৈছিল, বাকি আধাখিনি দুই মিনিটত শেষ কৰি দিলোঁ। বাথৰুমৰ পৰা ঘৰত সোমাওঁতেই পত্নীয়ে ক’লে
— মাথাৰ বিষৰ দৰৱ আছিল নহয় ঘৰত? ক’ত থৈছা? মাথাত খুব বিষাইছে।
মই এইটো ড্ৰয়াৰত এবাৰ সেইটো ড্ৰয়াৰত এবাৰ এনেকৈ বহু সময় বিচাৰি অৱশেষত দৰৱটো পালোঁ। পত্নীক দৰৱ খুৱাই ওচৰত বহি তাইৰ মাথাত হাত বুলাই দি ক’লো
— কমিছে নে অলপ?
তাই খুব নিম্নস্বৰত ক’লে
— না।
— মই মাথা টিপি-টিপি ক’লো
— চকু বন্ধু কৰা। ভাল হৈ যাব।
পাঁচ-চয় মিনিটৰ ভিতৰত তাই টোপনিত অন্তৰ্দান কৰিলে। ঘৰ মচি আৰু কাপোৰ ধুই ইমান ক্লান্ত ও ভোকাতুৰ হৈ পৰিছো যে সেইটো কৈ কাকো বুজাব নোৱাৰিম। দুপৰীয়া কি খাম? ৰন্ধা-বঢ়াও মই কৰিব লাগিব নেকি? ৰন্ধা-বঢ়া কৰি, ভাত কেইটামান খাই আহি ৰুমত সোমাওঁতেই পত্নীৰ মোবাইলটো বাজি উঠিল। কথোপকথন শুনি বুজিলো যে তাইৰ বায়েৰে ফোন কৰিছে। ফোনটো ৰাখি তাই ক’লে
— বাৰ ননঁদ খুব অসুস্থ। গুৱাহাটী মেডিকেলত ভৰ্ত্তি কৰিছে। ইমাৰজেন্সী ব্লাড লাগে O নেগেটীভ। তুমি সোনকালে গৈ ব্লাড দি আহা।
— মই? মই ব্লাড দিম?
— তোমাৰ O নেগেটীভ নহয়?
— হয়, কিন্তু মই এতিয়া কেনেকৈ ব্লাড দিম?
— কিয়? প্ৰবলেম কি?
— মই খুব টায়াৰ্ড জান। প্লীজ বুজিবলৈ চেষ্টা কৰা। মোৰ এতিয়া আৰামৰ প্ৰয়োজন।
— এজনী ছোৱালীৰ জীৱনতকৈ তোমাৰ আৰাম কৰাটো বেছি গুৰুত্বপূৰ্ণ? হুহহ।
— গৈছোঁ, গৈছোঁ। চিঞৰি নাথাকিবা প্লীজ।
ঘৰৰ পৰা ওলাই গুৱাহাটী মেডিকেললৈ বুলি যাত্ৰা কৰিলোঁ। গৈ ব্লাড দিলোঁ, ঘৰলৈ ঘুৰি আহোঁতে ৰাতি হৈ গ’ল। গেটৰ ভিতৰত সোমোৱাৰ লগে-লগে ওৱাচমেনে ক’লে
— ছাৰ! লিফ্ট নষ্ট! অলপ কষ্ট কৰি খটখটিৰে যাওক।
মই প্ৰচণ্ড বিৰক্তিৰ ভাৱেৰে ক’লো
— লিফ্ট নষ্ট মানে? কি কোৱা? মই কি এতিয়া ১৫ মহলা খটখটিৰে উঠিব লাগিব?
ৱাচমেনে খুব কৰুণভাৱে ক’লে
— ছাৰ। লিফ্টৰ গিয়েৰ ঢিলা হৈ গৈছে। ভাগ্য ভাল যে চিঙি যোৱা নাই।
মই আৰু কথা নবঢ়াই খটখটিৰে উঠিবলৈ আৰম্ভ কৰিলো। এভাৰেষ্ট আৰোহণ কৰোঁতে চাগে ইমান কষ্ট নহয়। ঘৰত সোমোৱাৰ লগে-লগে পত্নীয়ে ক’লে
— যোৱা সোনকালে ফ্ৰেশ্ব হৈ আহা। তোমাৰ কাৰণে কেতিয়াৰ পৰা অপেক্ষা কৰি আছো। বহুত ভোক লাগিছে। দুপৰীয়া তো মোক এৰি থৈ খাইছা! আৰু ইমান ৰান্ধিলা কিয়? এসপ্তাহ খাব পৰাকৈ। আচ্ছা ৰোগীৰ অৱস্থা এতিয়া কেনে?
পত্নীৰ কথাৰ উত্তৰ দি ফ্ৰেশ্ব হৈ তাৰপিছত ভাত খালো। টোপনি ও ক্লান্তিত চকু ইমান সোমাইছে… এনেকুৱা লাগিছে যেন চকুৰ ওপৰত শিল এটা। বিচনাত শুই পৰিলো, তাই মোবাইলত ফেচবুক কৰি আছে। কেতিয়া যে টোপনি লাগিল অনুভৱেই কৰিব পৰা নাই। পত্নীয়ে তাইৰ আঙুলি এটা কাণত সোমোৱাই দিয়াত মোৰ টোপনি ভাঙিল। মোৰফালে চাই অতি মায়াভী কণ্ঠেৰে সুধিলে
— ঐ… টোপনি গ’লা নেকি?
— কালি অফিচ আছে। ক্লান্ত শৰীৰ। অলপ টোপনি মাৰিব দিয়া প্লীজ।
তাকে শুনি তাই যেন হঠাৎ অফিচৰ বছ হৈ গ’ল। বছৰ ভঙ্গীৰে ক’লে
— কাইলৈৰ অফিচক লৈ মোৰ কোনো মূৰৰ বিষ নাই, যি হয় হওঁক। মোৰ অফিচত কোনো ছুটি নাই। চতুৰালি নচলিব। এতিয়া মোৰ অফিচৰ সময়, মই বছ তুমি কৰ্মচাৰী।
ব্ৰেকফাষ্ট বনোৱা, ঘৰ মুচা, কাপোৰ ধোৱা, পত্নীৰ মাথা টিপি দিয়া, ৰন্ধা-বঢ়া কৰা, ব্লাড ডনেট কৰা, খটখটিৰে ১৫ মহলা বগাই উঠাৰ পিছতো কোনো ছুটি নাই। শ্ৰমজীৱী মানুহৰ দৈনন্দিন গল্পবোৰ এনেকুৱাই বা ইয়াতকৈও গভীৰ।
written by Sabir Ahmed(admin)

মাজনিশাৰ কবিতা

0

মই মাজনিশা মনে মনে লিখো কবিতা ।
অকবিৰ কবিতাৰ ভাষা সেই তুমি জনীয়েই।
শুনিবা তুমি মাজনিশাৰ আৰ্তনাদ হৃদয়ৰ মোৰ?
অৰ্থই বা ক’ত ?
আন সকলোৰে দৰেই তুমিও ধলি পৰা নিদ্ৰা দেৱীৰ কোলাত !
মই জাগ্ৰত উৰে ৰাতি আৰু তুমি লালকাল নিদ্ৰাত মোক দিয়া বেদনাৰ সুখত অন্য কিম্বা নতুন প্ৰেমৰ পৰশত।
হয় বাৰু।
তুমি কিয়নো জাগি থাকিবা উৰে ৰাতি??
তোমাক ভাল পোৱাৰ দুখ-বেদনাৰ সমস্ত সম্পত্তিৰ অধিকাৰী মইহে।
তুমিতো নোপোৱা বুজি মোক ভাল পোৱাৰ বেদনা!
পাবাই বা কিয়?
কোলাহলত মই শুব নোৱাৰো মাজনিশা
কোলাহল মোৰ হিয়াত তোমাৰ স্মৃতিবোৰৰ !
কিমান বিষাক্ত এইবোৰ প্ৰিয়া?
কবিতা লিখিছিলো তেতিয়া যেতিয়া তোমাৰ অভিমানী মুখখনৰ অভিমানবোৰে মোক প্ৰেৰণা দিছিল।
আৰু এতিয়া কবিতা !
কবিতা লিখো দুভাগ ৰাতি হৃদয়ৰ আৰ্তনাদ,কোলাহলত।
মই তোমাৰ স্মৃতিবোৰ মোহাৰি পেলাব বিচাৰো।
কিন্তু
যদি জীয়াই থকাৰ প্ৰেৰণাই সেই স্মৃতিবোৰ হয় তেন্তে কেনেকৈ …?
মাজনিশাৰ কবিতাবোৰ মোৰ অৰ্ধনগ্ন হিয়াৰ প্ৰলাপ! প্ৰতিফলিত হৈ উঠে নগ্নতা হিয়াৰ।
মাজনিশা মোৰ হিয়াই অজানিতে কৰা বিলাপ বোৰৰ আঁৰৰ বেদনাবোৰ
মাথোঁ তুমি।
পাহৰি পেলোৱা তুমি সেই মইটো

:-চন্দন শইকীয়া

অনাময়ত ব্যাপক দূৰ্নীতি অনিয়ম:

0

ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীয়ে বৰ্তমানেও বিভিন্ন চৰকাৰী আঁচনিত অব্যাহত ৰাখিছে বিয়াগোম দুৰ্নীতি-অনিয়ম । অন্যান্য আঁচনিৰ কথা বাদেই ১২ হাজাৰ টকীয়া অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মানতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে অভিভক্ত নগাঁও জিলাৰ হোজাইৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত কপাহবাৰী,মোৰাঝাৰ,অকচেক পথাৰ,বৰবালি,আমবাৰী গাওঁ পঞ্চায়তত অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত বিষয়া কৰ্মচাৰী, ঠিকাদাৰ, ৰাজনৈতিক নেতা-পালিনেতাই অবাধ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ পোৱা গৈছে৷
ঠিকাদাৰে অতি নিম্ন মানৰ ইটা, বালি, চিমেন্ট, কাঠ, টিং আদিৰে শৌচাগাৰ নিৰ্মাণ কৰাৰ লগতে বিভাগীয় নীতি-নিৰ্দেশনা মতে সামগ্ৰী যোগান নধৰি কম সামগ্ৰীৰে নিৰ্মাণ কৰা শৌচাগাৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে৷ বহু শৌচাগাৰ ভাগি পৰাও পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে এই কেইদিন হোৱা ধাৰাষাৰ বৰষুণে নিৰ্মিয়মান হৈ থকা শৌচাগাৰ একপ্ৰকাৰ ভাঙি গৈছে।ভুক্তভোগী হিতাধিকাৰী সকলে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছে কিন্তু নাপায় সুফল।এতিয়া এন জি অ,এচ এইজ জি সমুহৰ ঠিকা লোৱা সকলৰ বিৰুদ্ধে হোজাই জিলা উপায়ুক্তই কিবা ব্যৱস্থা লবনে এয়া লক্ষণীয় বিষয়।

REPORTED BY

ছাদিকুজ জামান মোৰাঝাৰ,৩০জুন

COPY CODE SNIPPET